তিনি বছৰে অব্যৱহৃত হৈ ৰ’ল নৱনিৰ্মিত কাৰ্যালয় ভৱন।
কামৰূপ জিলা সাহিত্য সভাৰ নজিৰ বিহীন কাণ্ডত স্তম্ভিত সাহিত্যিক সমাজ।
কামৰূপ জিলা সাহিত্য সভাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটোৰ শুভ উন্মোচনৰ সুদীৰ্ঘ কালৰ পিছতো ব্যৱহাৰ নোহোৱাত আচ্যৰ্য প্ৰকাশ কৰিছে একাংশ সাহিত্যিক তথা সমাজ সচেতন ব্যক্তিয়ে। উল্লেখযোগ্য যে আজিৰ পৰা তিনি বছৰ পূৰ্বে কামৰূপ জিলা সাহিত্য সভাৰ নামত মহানগৰীৰ জালুকবাৰীত থকা ভূমি খিনি একপ্ৰকাৰ পৰিত্যক্ত অৱস্থাত আছিল। বহুদিন পৰিত্যক্ত হৈ থকা বাবে হাবি জংঘলেৰে ভৰি পৰিছিল ভূমি অংশ। এক কদৰ্য্যময় অৱস্থাত থকা ভূমি খিনিয়ে কামৰূপ জিলা সাহিত্য সভাৰ গৰিমা ম্লান কৰাৰ পৰিপ্ৰেক্ষিতত তথা কামৰূপ জিলা সাহিত্য সভাৰ সমূহ বিষয় ববীয়াৰ আলোচনা আৰু প্ৰস্তাৱ মৰ্মে সমাজকৰ্মী তথা কামৰূপ জিলা সাহিত্য সভাৰ সমাজৰত্ন বঁটা প্ৰাপক তথা হাজোৰগৌৰৱ দিনমণি ভাণ্ডাৰকায়স্থই নিজ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মান কৰি দিছিল এটা কাৰ্যালয় গৃহ। কামৰূপ জিলা সাহিত্য সভাৰ তদানীন্তন সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে শিলান্যাস কৰা ভৱনটো উদ্ধোধন কৰিছিল দিনমণি ভাণ্ডাৰকায়স্থ ই। কিন্তু অতি পৰিতাপৰ কথা যে উদ্ধোধন হোৱাৰ তিনি বছৰ উকলি যোৱাৰ পিছতো দুৱাৰ খোল নাখালে কাৰ্যালয় ভৱনটোৰ। কামৰূপ জিলা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনটো কাৰ্যালয় ৰূপে ব্যৱহাৰ নকৰি কোনে কি স্বাৰ্থত ক’ৰ পৰা সাহিত্য সভাৰ কাম চলাই আছে বুলি এক ঋণাত্মক প্ৰশ্ন উত্থাপন হৈছে সাহিত্যপ্ৰেমী সচেতন মহলৰ মাজত। ইয়াৰ অন্তৰালত কাৰোবাৰ কুটিল অভিসন্ধি লুকাই আছে বুলিও খেদ প্ৰকাশ কৰিছে একাংশ সাহিত্যিকে। নৱনিৰ্মিত কাৰ্যালয়টো ব্যৱহাৰ নোহোৱাকৈ উৱলি যাৱ ধৰাত সামাজিক মাধ্যম যোগে খেদ প্ৰকাশ কৰা দেখা গৈছে নিজৰ কষ্টোপাৰ্জিত ধনেৰে কাৰ্যালয়টো নিৰ্মান কৰি দিয়া বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক দিনমণি ভাণ্ডাৰকায়স্থক।