Search for:
  • Home/
  • মূখ্য খবৰ/
  • ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক অৰবিন্দ কলিতালৈ

ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক অৰবিন্দ কলিতালৈ

হাজোলৈ গৌৰৱ কঢ়িয়াই আনিলে এইজন হাজোৰ সু-সন্তানে

সমাগত দেশৰ ৭৪তম্ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত হাজোবাসীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে হাজোৰ এজন সু-সন্তান অৰবিন্দ কলিতাই। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰবিন্দ কলিতাৰ জন্ম হাজোৰ বৰদধি গাওঁত। অসম আৰক্ষীৰ বিষয়া হিছাপে কলিতাই কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুভাৱে পালন কৰি সম্প্ৰতি অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ পৰিচালন সঞ্চালক পদত কাৰ্য্যনিৰ্বাহ কৰি আছে। দেশৰ সমাগত স্বাধীনতা দিৱস উদযাপন উপলক্ষে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা আৰক্ষী বিষয়া সকলক আগবঢ়োৱা বিশেষ সেৱা পদক তালিকাত হাজোৰ এইজন সু-সন্তানে নিজৰ নাম অন্তৰ্ভুক্তিৰে হাজোবাসীলৈ কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ।এই আপাহতে সুদক্ষ আৰক্ষী বিষয়া অৰবিন্দ কলিতা ডাঙৰীয়ালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Leave A Comment

All fields marked with an asterisk (*) are required