বছৰৰ প্ৰথমটো বানপানীৰ কৱলত হাজো
ভূতৰ ওপৰত দানহ পৰাদি ক’ৰনাৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যবাসীয়ে সন্মুখীন হৱ লগা হৈছে বছৰৰ প্ৰথমটো বানপানীৰ। ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সকলো নদী-উপনদীৰ জলস্তৰ বিপদজনক ভাৱে বৃদ্ধি পাইছে। ফলস্বৰূপে নদী সমূহৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰি ক্ষতিগ্ৰস্ত কৰিছে ৰাইজক। বানপানীয়ে সহস্ৰাধিক ৰাইজৰ খেতি মাতি গ্ৰাস কৰাৰ লগতে কৰিছে গৃহহীনও। কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ খোপনিকুছি,চৰাবড়ি,কোৱৰপুৰ,শনিয়াদি,কলিতাকুছি , বঙালপাৰা আৰু বৃহত্তৰ বুল্লুট অঞ্চলৰ কেইবাখনো গাওঁৰ কেইবা হাজাৰ বিঘা বড়ো খেতি আগতীয়া বানত তল যোৱাত কৃষক সকলে মূৰে কপালে হাত দিৱলগীয়া অৱস্থা হৈছে । ক’ৰনা বিভিষিকা আৰু লকডাউনৰ ফলত ইতিমধ্যেই সৰ্বস্বান্ত হোৱা এই অঞ্চল সমূহৰ অধিকাংশ লোকে এইবাৰৰ বড়ো খেতি চপাৱ পাৰিব বুলি বৰ আশাৰে বাট চাই আছিল কিন্তু আৱতৰীয়া বানে কৃষকৰ সকলো আশাত যেন চেচাপানী ঢালিলে ।
উল্লেখ্যযোগ্য যে হাজো সমষ্টিৰ বৃহত্তৰ বুল্লুট অঞ্চলৰ অধিকাংশ লোক কৃষিজীৱি আৰু মাছ ব্যৱসায়ৰ লগত জড়িত । অসমৰ অধিকাংশ ঠাইত মাছৰ পোনা যোগান ধৰা আৰু গুৱাহাটী মহানগৰীত লোকেল মাছ যোগান ধৰাৰ বিশেষ কৃতিত্ব আছে এই বুল্লুট অঞ্চলৰ মৎস ব্যৱসায়ী সকলৰ। এতিয়া এই আৱতৰীয়া বানে এই সকল লোকক নিজৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভীতিগ্ৰস্ত কৰি তোলা দেখা গৈছে।
আনহাতে বেজপাৰা আৰু খোপনিকুছিৰ মৌজাদাৰ পাম সংযোগী শনিয়াদী চকলাপাৰ গাওঁৰ মুল পথটোৰ কালভাৰ্ট দুটা বানে উটুৱাই নিয়াৰ ফলত দুয়োপাৰৰ মানুহ খিনিয়ে যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে ।
বিভাগীয় কৰ্তৃপক্ষ আৰু হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰীয়াক অঞ্চলটোৰ একমাত্ৰ পথটো অচিৰেই মেৰামতি কৰিৱলৈ দাৱী জনাইছে স্থানীয় ৰাইজে ।